অনুপম বৰুৱা গুৱাহাটী ষ্টেচনৰ প্লাটফর্ম নম্বৰ তিনত জনসতাব্দী এক্সপ্ৰেছ ধীৰে ধীৰে সোমাইছিল। সেই ভিৰ, সেই হুলস্থূলৰ মাজতো এজন ল’ৰাৰ মুখ বিশেষভাৱে চকুত পৰিছিল। ক্লান্ত, কিন্তু চকুত এটি উজ্জ্বল আশাৰ দীপ্তি। বেগখন কাঁধত পেলাই, ডাঙৰ ডিঙি উজাই আহি থকা সেই ল’ৰাটোৰ নাম — ঋষভ শৰ্মা। ডিব্ৰুগড়ৰ এটি গাঁওৰ পৰা আহি, গুৱাহাটী বিশ্ববিদ্যালয়ত Master’s in English Literature কৰিবলৈ আহিছিল। পঢ়াত ভাল, কিন্তু ভিতৰৰ মানুহজন অলপ নিৰ্জন। সদায় অলপ উজান-ধৰা চিন্তাৰে ভৰা। সাহিত্য, কবিতা, সপোন — এইবোৰেই সাৰঙ্গী যেন। প্ৰথম দিনটো, ষ্টেচনৰ পৰা হোষ্টেললৈ অহা পৰ্যন্ত — সকলো কথা যেন এটি নতুন গল্পৰ আৰম্ভণি আছিল। গুৱাহাটীৰ ঘৰবোৰ, বাটবোৰ, দোকান, পকেট-ভৰা ধোঁৱাঁ — সকলো…