• Assamese

    ৰঙামাটি ডায়েৰী

    অন্বেষা হাজৰিকা অধ্যায় ১ – পুৰণি মঠত প্ৰৱেশ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক অজয় শইকীয়া বহু দিন ধৰি আহোম ৰাজত্বৰ গুপ্ত ইতিহাসৰ ওপৰত গৱেষণা কৰি আছিল। তাৰ গৱেষণাৰ মূল বিষয় আছিল আহোম রাজন্যসকলৰ সময়ত ৰচনা কৰা গুপ্ত মানচিত্ৰ আৰু দলিলসমূহ যিবোৰে অসমৰ সুৰক্ষা, ৰাজনৈতিক চালাকি আৰু ভৌগোলিক গোপনীয়তাৰ এক অভিনৱ কাহিনী ক’ব পাৰে। এইবোৰ দলিলৰ বেছিভাগ ইতিমধ্যে গুৱাহাটীৰ জাদুঘৰ আৰু কিছুমান ৰাজবংশীয় আর্কাইভত পোৱা গৈছিল, কিন্তু বহুত অংশ সদায়ই রহস্যৰ আঁৰত লুকাই ৰ’ল। একদিন বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰৰ এটা পুৰণি পান্ডুলিপি চোৱাৰ সময়ত অধ্যাপক অজয়ে কাগজৰ কোঁচত এটা নাম পায়—‘ৰঙামাটি মঠ’। সেই নামৰ সৈতে জড়িত এক ধোঁৱাশাৰ কাহিনী উল্লেখ আছিল, য’ত কোৱা…