• Assamese

    গাভৰুৰ মুখা

    ঋষভ নাথ ১ নৱেম্বৰৰ শেষ সপ্তাহ, মজুলীত ৰাস উৎসৱৰ উমাহে সমগ্ৰ দ্বীপখনক ধুনীয়া পুৰণি সংগীতৰ ৰিহাৰে মেৰাই পেলাইছিল। অনিৰ্বাণ, ৰিতিকা, জিষ্ণু আৰু সঞ্জুক্তা — গুৱাহাটীৰ এটা নামী কলেজৰ চাৰিজন বন্ধু — এবছৰীয়া মিডিয়া প্ৰজেক্টৰ বাবে মজুলীলৈ আহিছিল, মূল উদ্দেশ্য আছিল “মুখা শিল্পৰ অন্তৰাল” নামে এখন চুটি তথ্যচিত্র নিৰ্মাণ কৰা। তেওঁলোকে এখন দূৰ-অঞ্চলৰ সত্ৰত মুখাৰ কামৰ দৃশ্য ধারণ কৰি আছিল, যি সত্ৰখন মূলধাৰাৰ পর্যটন পথৰ পৰা আঁতৰত আছিল। খুদি খুদি ঘৰ, কলাপাতত ঢকা পথ আৰু সত্ৰটোৰ আশে-পাশে বিস্ময়জনক নিস্তব্ধতা — এক অলক্ষিত ওজোপুৱালি যেন বাজি আছিল সেই ঠাইখনত। এই মুখা শিল্পীজন আছিল এগৰাকী বুঢ়া, দীঘল দাঁতিৰ বগা দাঁত, কঁপনি ধৰা হাত,…