অৰুনিমা ডেকা বসন্ত আহে নিজেই যেন এক নতুন জন্মৰ কাহিনী লৈ। দীৰ্ঘ শীতৰ স্থবিৰতাৰ পাছত প্ৰকৃতি পুনৰ জাগি উঠে সেউজীয়া বৰ্ণৰ আলোকত। গছবোৰৰ শুকান ডালত নতুন পাতৰ সেউজী ফুটি উঠে, আৰু বাগিছাৰ মাটিত সেউজেৰে আচ্ছাদিত তেজস্বী প্ৰভাত। সূৰ্যই যেতিয়া মৃদু উজ্জ্বলতাৰে চকু খোলে, সেয়া যেন সোনালী ধূলিৰ দৰে ধৰণীৰ মূৰত বিৰাজ কৰে। পকহীৰ গান এই জীৱনৰ নবীন গীত; বিভিন্ন ধ্বনিৰ সুৰ একেলগ হৈ প্ৰকৃতিলৈ প্ৰেৰণ কৰে জাগৰণৰ স্নিগ্ধ আহ্বান। পুৱা বতাহত ফুলৰ সুঘ্ৰাণ মিশি গুচি নাযোৱা এক মধুৰ সপোনৰ দৰে হৃদয়ত পঢ়ি থাকে। প্ৰত্যেকটি ডাৱৰ সেউজীয়া তেজত যেন জীৱনৰ নতুন আশা লুকাই আছে, আৰু সেই আশা কিমান অনন্ত আৰু উজ্বল,…