• Assamese

    অন্তৰ্ভেদ পথ

    ইন্দ্ৰাণী বৰা ১ পুৱাৰ কুঁৱলীৰে ঢকা পাহাৰৰ কোলাত থকা নিস্তব্ধ, কুঁৱলীৰে আবৃত এক গাঁও—নিধন নগৰ। নামটো শুনিলেই যেন সময়ৰ অন্ধকাৰত গুঁজি থকা কিবা এটা অতীতৰ ছাঁ যেন অনুভূত হয়। তিনিঘণ্টাৰ দীৰ্ঘ যাত্ৰাৰ অন্তত ড° অভিষেক বৰাৰ গাড়ীখন পাহাৰ বগা কাঁচপথত ধূলি উৰুৱাই আহি গাঁওখনত ভৰি দিলে। সেই সময়ত যেন সময় থমকি ৰ’ল—অভিষেকৰ হিয়াত এক গম্ভীৰ অনুভূতিৰ সোঁতৰ দৰে কিবা এটা বোৱ খাই গ’ল। গাঁওখন বন-জংগলেৰে ঘেরা, যেন কিছুমান বুঢ়া গছ পাহাৰখন আগলে ৰখা পুৰণা সৈনিক। ওঁঠালিৰ দৰে স্তব্ধতাৰ মাজত গাঁওখন থিয় হৈ আছে, যেন কিবা এটা লুকাই থকা সত্যৰ পাহাৰীয়া প্রহেলিকা। গাঁওবাসী খুব কম সংখ্যাত—বুঢ়া, অভিজ্ঞ মুখ, যি কোনো নতুন…