• Assamese

    টেঙাখালিৰ টেঙা গছ

    অপূৰ্ব গগৈ টেঙাখালিৰ গাঁওখন মাত্ৰ পুৱা জাগি উঠিছিল, জুইৰ ধোঁৱা আৰু গৰুৰ ঘণ্টাৰ শব্দেৰে আবৰি উঠিছিল গাওঁখনৰ আকাশ। হালধীয়া মাটিৰ পথেদি এখন নীলৰঙৰ জীপ গৈ আছিল, য’ত বহি আছিল এজন সদ্য বদলি হোৱা ইংৰাজী শিক্ষক— জয়ন্ত বৰা। চকুত এক গম্ভীৰতা, মুখত নিঃসঙ্গতা, আৰু হাতত ধৰা এটা ডায়েৰী, য’ত তেওঁ সদায় নতুন গাঁৱত পোৱা অভিজ্ঞতা লিখি ৰাখে। টেঙাখালিৰ বিদ্যালয়খন যদিও সৰু, তাৰ ইতিহাস আছে আৰু শিক্ষাৰ প্ৰতিও কিছু মান থাকে বুলি তেওঁ শুনিছিল। জীপখন গাঁওখনৰ মাজেৰে গৈ থাকোতেই গাঁওবাসীৰ চকু জিপৰ দিশে ঘূৰি আহিছিল— নতুন মানুহ, নতুন পইচন, আৰু তেওঁলৈ নতুন কল্পনা। “এইজনেই হ’ব নতুন শিক্ষকজন”, কোৱা বুলি এগৰাকী বুঢ়ীয়ে চাৰুখুৰীয়া…